লিয়নেল মেছি আৰু আইতানা বনমাটিয়ে বেলন ডি অৰ ২০২৩ বঁটা লাভ

৩১ অক্টোবৰত পেৰিছত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদান কৰাহয় এই সন্মান

স্প’ৰ্টছ ডেস্ক:

লিয়নেল মেছি আৰু আইতানা বনমাটিয়ে বেলন ডি অৰ ২০২৩ বঁটা লাভ। ৩১ অক্টোবৰত পেৰিছত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদান কৰাহয় এই সন্মান। আৰ্জেণ্টিনাৰ মেছিয়ে অভিলেখ সংখ্যক অষ্টম বাৰৰ বাবে লাভ কৰে এই সন্মানীয় বেলন ডি অৰ বঁটা। উল্লেখ্য যে, কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২২ৰ ট্ৰফী বিজেতা আৰ্জেণ্টিনাক নেতৃত্ব দিছিল মেছিয়ে। ইয়াৰ বিপৰীতে বনমাটি ফিফা মহিলা বিশ্বকাপত প্ৰথমবাৰৰ বাবে জয়ী হোৱা স্পেনিছ দলটোৰ সদস্যা আছিল।

জুড বেলিংহামে কোপা বঁটা লাভ কৰাৰ বিপৰীতে এমিলিয়ানো মাৰ্টিনেজে শ্ৰেষ্ঠ গ’লৰক্ষকক দিয়া ইয়াচিন ট্ৰফী ২০২৩ বঁটা লাভ কৰে। শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰক দিয়া গেৰ্ড মুলাৰ ট্ৰফী লাভ কৰে মানচেষ্টাৰ চিটি তথা নৰৱেৰ তাৰকা আৰ্লিং হালেণ্ডে । মানচেষ্টাৰ চিটি আৰু এফ চি বাৰ্চিলোনাই লাভ কৰে বছৰৰ শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা ক্লাবৰ বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.