আজি ১ নৱেম্বৰ

▶️১৮৫৮ চনৰ এই দিনটোতেই ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি।সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণীৰ দখললৈ।আনুষ্ঠানিকভাৱে ইংৰাজৰ অধীন হৈছিল ভাৰত।
▶️১৮৮১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই ত্ৰিপুৰাৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা লাভ।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই দিল্লীক কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান।
▶️১৯৫৬ চনৰ এই দিনটোতেই ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰপ্ৰদেশ গঠিত। ৰাজধানী হৈছিল হায়দৰাবাদ।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই পঞ্জাৱ পুনৰ দ্বিখণ্ডিত। দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানা গঠন।উভয়ৰে ৰাজধানী হৈছিল চণ্ডীগড়।
▶️১৯৭২ চনৰ এই দিনটোতেই মাৰ্কিন কবি এজৰা পাউণ্ডৰ মৃত্যু।
▶️১৯৭৩ চনৰ এই দিনটোতেই মহীশূৰ ৰাজ্যৰ নাম কৰ্ণাটক হৈছিল।
▶️১৯৭৩ চনৰ এই দিনটোতেই লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ নামেৰে নামাকৰণ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান। মাত্ৰ ৩২ বৰ্গকিলোমিটাৰ মাটিকালিৰ লাক্ষাদ্বীপেই ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয়শাসিত অঞ্চল।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য্য ৰায়ৰ জন্ম হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ লোকৰ মৃত্যু,বিস্তৰ ক্ষতিসাধন।
▶️২০০০ চনৰ এই দিনটোতেই মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চলেৰে ছত্তীশগড় ৰাজ্য গঠনৰ ঘোষণা।
▶️২০০০ চনৰ এই দিনটোতেই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপে হৰেকৃষ্ণ ডেকাৰ দায়িত্ব গ্ৰহণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ। ২০০২ চনৰ ৫ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.