শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিতেশ ডেকাৰ পদত্যাগ

নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ হিতেশ ডেকাৰ তাৎক্ষনিক পদত্যাগ। সম্পূৰ্ণ ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে বুলি জানিবলৈ দিছে ভাৰপ্ৰাপ্ত উপাচাৰ্য্য মৃনাল কুমাৰ বৰাই।
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বিত্তীয় সংকটৰ ওপৰত ছপা মাধ্যমত প্ৰকাশ পোৱা বাতৰি সম্পূৰ্ণ ভীত্তিহীন বুলি মন্তব্য প্ৰকাশ কৰে ভাৰপ্ৰাপ্ত উপাচাৰ্য্য মৃণাল কুমাৰ বৰাই। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কাম কাজ পূৰ্বৰ দৰে নিয়াৰিকৈ চলি আছে বুলি মন্তব্য কৰি ভাৰপ্ৰাপ্ত উপাচাৰ্য্য গৰাকীয়ে কয় যে ড৹ হিতেশ ডেকাৰ তাৎক্ষনিক পদত্যাগৰ লগত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বিত্তীয় প্ৰসংগৰ কোনো প্ৰাসংগিকতা নাই।।

You might also like
Leave A Reply

Your email address will not be published.