মেঘালয়ত বিধ্বংসী অগ্নিকাণ্ড!

মেঘালয়ৰ পশ্চিম খাচী পাহাৰৰ মাইৰাঙত বিধংসী অগ্নিকাণ্ড। দেওবাৰে সন্ধিয়া পশ্চিম খাচী পাহাৰৰ মাইৰাঙৰ ছেইণ্ট থমাছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ওচৰত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় কমেও ৯ খনকৈ দোকান।আনহাতে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় এখন বাহন। ফোটোষ্টেটৰ দোকান এখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল যদিও জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.