নেচনেল ডেস্ক-
নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। ৰায়গড়ৰ এখন গাঁৱত ভূমিস্খলনৰ ঘটনাত কমেও ৩০ ৰ পৰা ৩৫ জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। লগতে আন কেইবাজনো লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে।ইতিমধ্যে উদ্ধাৰকাৰী দলবোৰক উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছে বুলি বিভাগীয় কতৃপক্ষই জানিবলৈ দিয়ে।
পশ্চিম মহাৰাষ্ট্ৰৰ তিনিখন ডাঙৰ নদী পঞ্চগংগা, কৃষ্ণা আৰু কোৱানা কেইবাটাও অঞ্চলত বিপদসীমাৰ ওপৰেৰে বৈ আছে।
ইফালে,নেৰানেপেৰা বৰষুণ, পানী জমা হোৱা আৰু ৰাস্তাৰ ক্ষতিৰ বাবে মুম্বাই-গোৱা আৰু পুনে-বেংগালুৰু ঘাইপথৰ যাতায়ত বেয়াকৈ প্ৰভাৱিত হৈছে। শুকুৰবাৰৰ ৰাতিপুৱালৈকে ৰত্নগিৰি জিলাৰ চিপলুন আৰু মাহাদ আৰু ৰায়গড় জিলাৰ চিপলুনত ৫,০০০ ৰ পৰা ৬,০০০ লোক আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে।।