সদৌ অসম সংবাদকর্মী সন্থাৰ ষষ্ঠ বার্ষিক অধিৱেশন

চানমাৰি কলমীস্থিত পেন্সনাৰ ভৱনত আজি  সদৌ অসম সংবাদকর্মী সন্থাৰ ষষ্ঠ বার্ষিক অধিবেশন হয়

চানমাৰি কলমীস্থিত পেন্সনাৰ ভৱনত আজি  সদৌ অসম সংবাদকর্মী সন্থাৰ ষষ্ঠ বার্ষিক অধিবেশন হয়। আজি অনুষ্ঠিত  মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কর্মচাৰী ভবিষ্যনিধিৰ সহকাৰী আয়ুক্ত শ্রীযুত চেমুৱেল দাস আৰু বিশিষ্ট সাংবাদিক মুনীন বায়ন। নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সহকাৰী শ্রম আয়ুক্ত শ্রীযুত কনপাই দাস। মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট আলোচক, বিশ্লেষক শ্রীযুত ময়ূৰ বৰা।

পুৱা পতাকা উত্তোলনৰে আজি সভাখন আৰম্ভণি হয় ।পতকা উত্তোলনৰ পিছতে শ্বহীদ তর্পণ কৰে উপস্থিত সদস্যই। আজিৰ সভাত উপস্থিত থাকে সন্থাৰ আইন উপদেষ্টা শান্তনু বৰঠাকুৰ। উক্ত অধিৱেশনত সন্থাৰ মুখপত্র প্রয়াসৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয় । আজিৰ সভাখনৰ মূল উদ্দেশ্য ‘পেন্সন আৰু স্বাস্থ্য বীমা’ সন্দর্ভত  ২০২২ চনত শ্রম মন্ত্রী সঞ্জয় কিষাণে দিয়া প্রতিশ্রুতি পূৰণ সম্পর্কে অধিবেশনত বিশদভাবে আলোচনা কৰা হয়।  সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ।বিশিষ্ট অতিথি শ্রীযুত চেমুৱেল দাস, সাংবাদিক মুনীন বায়ন আৰু

উপস্থিত বহু ব্যক্তিয়ে বক্তব্য আগবঢ়াই ।   পুৱা    ১০-০০ বজাত বিষয় বাছনি সভা অনুষ্ঠিত হয়। আজিৰ সভাত পুৰণি সমিতি ভংগ কৰি এখন নতুন সমিতি গঠন কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.