ৰাজ্যবাসীলৈ ভাল খবৰ!

ব'হাগ বিহুৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ ভাল খবৰ

‘হাগ বিহুৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ ভাল খবৰ। অসমীয়াৰ কেইবাবিধো সামগ্ৰীয়ে লাভ কৰিলে বিশেষ স্বীকৃতি। অসমৰ ১২বিধ সামগ্রীয়ে লাভ কৰিলে GI TAG। অৰ্থাৎ জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে এইবেলি অসমৰ ১২ বিধ সামগ্ৰীক জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন টেগ প্ৰদান কৰিছে।বিশেষ স্বীকৃতি লাভৰ এই তালিকাত সৰ্থেবাৰীৰ কাঁহ শিল্প, পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰী, জাপি, ঢোল, মিচিং তাঁত শিল্প, আশাৰীকান্দি তেৰাকোট্টা, জঠা, গগনা, খাম, ছেৰজা, চিফুং আৰু খাৰদ্বি।

কি কি সামগ্ৰীয়ে GI TAG লাভ কৰিছে জানো আহকঃ

🔹 সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ GI TAG প্রদান

🔹পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীলৈ GI TAG

🔹অসমৰ জাপি শিল্পলৈ GI TAG

🔹ঢোললৈ GI TAG

🔹মিচিং তাঁত শিল্পলৈ GI TAG

🔹আশাৰীকান্দি তেৰাকোট্টা শিল্পলৈ GI TAG

🔹জঠা, গগনা, খাম, ছেৰজা, চিফুঙলৈ GI TAG

🔹বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বিলৈ GI TAG

ইয়াৰ পূৰ্বেও ৰাজ্যৰ বহুবিধ সামগ্ৰীয়ে লাভ কৰিছিল GI TAG। এই সমুহৰ ভিতৰত অসম অৰ্থ’ডক্স ল’গ’,অসমৰ মুগা সুতাৰ ল’গ’, মুগা সুতা, কাৰ্বিআংলঙৰ আদা, তেজপুৰৰ লেচু, জহাধান, বোকা চাউল, চোকুৱা ধান, গামোছা আৰু শেহতীয়াভাৱে কাজি নেমু আদি।

You might also like
Leave A Reply

Your email address will not be published.