এপ্ৰিল ফুল ডে’!

আজি ১ এপ্ৰিল আৰু আজিৰ এই দিনটোক ‘এপ্ৰিল ফুল’ বুলি কোৱা হয়

জি ১ এপ্ৰিল আৰু আজিৰ এই দিনটোক ‘এপ্ৰিল ফুল’ বুলি কোৱা হয়। সৰুতে অৰ্থাৎ স্কুলীয়া দিনবোৰত এপ্ৰিল ফুল লৈ বৰ আনন্দ উপভোগ কৰা যায় ।এপ্ৰিলফুল আহিলেই অৰ্থাৎ এপ্ৰিলৰ ৰাতিপুৱা কেনেকৈ কাৰোবাক মিছা কথা কৈ ঠগাব পাৰি তাৰ কাৰণে ৰৈ থকা যায়। আজি কিছু বছৰ আগলৈকে এপ্ৰিল ফুলক লৈ বহুত আনন্দ-ধেমালী কৰা হৈছিল যদিওঁ বৰ্তমান সময়ত এইবোৰ কথা অৰ্থহীন হোৱাৰ দৰে। কিন্তু কিয় পালন কৰা হয় জানেনে? হয়তো বহুতে নাজানে। আচলতে ১ এপ্ৰিলত কিয় ‘এপ্ৰিল ফুল’ দিন হিচাপে পালন কৰা হয় তাৰ কোনো নিৰ্দিষ্ট কাৰণ নাই যদিওঁ এই বিষয়ৰ লগত জৰিত বহুত কাহিনী প্ৰচলিত আছে।

এপ্ৰিল ফুল’ছ ডে’ ইতিহাস আৰু তাৎপৰ্য্য বিষয়ে জানো আহকঃ

ইতিহাসবিদসকলৰ মতে এপ্ৰিল ফুল’ছ ডে’ হিলাৰিয়াৰ দৰে উৎসৱৰ সৈতে জড়িত, শব্দটোৰ লেটিন অৰ্থ হৈছে সুখ বা আনন্দময়।
এই দিনটোত সকলোৱে ধেমালি কৰে, আৰু নিজৰ আপোনজনক কৌতুক পঠায়।এই দিনটোত ঠাট্টা-মস্কৰা কৰাৰ উদ্দেশ্য হৈছে ইজনে সিজনৰ মাজত সুখ কঢ়িয়াই অনা আৰু সম্পূৰ্ণৰূপে উপভোগ কৰা। প্ৰাচীন ৰোমৰ মানুহে নিজৰ চেহেৰা সলনি কৰি ধেমালি কৰিছিল আৰু খেল খেলিছিল।

এপ্ৰিল ফুলছ দিৱসৰ সঠিক উৎপত্তিৰ বিষয়ে জনা নাযায় যদিও বিশ্বাস কৰা হয় যে ইয়াৰ ইতিহাস ১৫৮২ চনৰ পৰাই আৰম্ভ হয়, যেতিয়া পোপ ত্ৰয়োদশ গ্ৰেগৰীয়ে জৰ্জিয়ান কেলেণ্ডাৰ মুকলি কৰিছিল। তেওঁ ঘোষণা কৰে যে নতুন কেলেণ্ডাৰখন ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব যদিও ইয়াৰ পৰিৱৰ্তে কেলেণ্ডাৰৰ পুৰণি সংস্কৰণত ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.