সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কা বিৰোধী প্ৰতিবাদত অব্যাহত। বিভিন্ন জাতীয়তাবাদী দল-সংগঠনৰ সমান্তৰালকৈ ছাত্ৰ সমাজৰ নেতৃত্বত কা বিৰোধী প্ৰতিবাদ গা কৰি উঠা পৰিলক্ষিত হৈছে। এইবাৰ CAAৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্হিতি সৃষ্টিৰ হৈছে। নাগৰিকত্ব সংশোধনী আইন বিৰোধীতাৰে বিক্ষোভ আৰু কলা পতাকা উত্তলন কাৰ্যসূচীৰে ছাত্ৰ সমাজে প্ৰতিবাদ ৰুপায়ন কৰে। BKB প্ৰেক্ষাগ্ৰীহৰ সন্মুখত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ‘কা আমি নামানো’ শ্লোগানেৰে পৰিস্হিতি উত্তাল কৰি তোলে। ABVP ৰ অনুষ্ঠানৰ আদৰণি তোৰণৰ সন্মুখতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে। ফলস্বৰূপে, সংঘাটত লিপ্ত হয় স্নাতকোত্তৰ ছাত্ৰ সমাজ আৰু ABVP।
খবৰ অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয়ত আজি কা বিৰোধী সমদল উলিয়াইছিল স্নাতকোত্তৰ ছাত্ৰ সন্থাই। একে সময়তেই অব্যাহত আছিল ABVPৰ ছাত্ৰ সন্মিলন।স্নাতকোত্তৰ ছাত্ৰ সন্থাই সমদল উলিওৱাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVP। ফলস্বৰূপে সুত্ৰপাত হয় দুই পক্ষৰ মাজৰ তীব্ৰ সংঘাটৰ।
সমুখত লোকসভা নিৰ্বাচন। বিজেপিয়ে ইতিমধ্যেই দেশৰ কোনো ৰাজ্যৰ পৰা কা প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিয়ে। কিন্তু দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমত জাঙুৰ খাই উঠিছে ভিন্ন জাতীয়তাবাদী দল-সংগঠনৰ সমান্তৰালকৈ ছাত্ৰ সমাজ। পুনৰ উত্তাল হৈ পৰিছে কা বিৰোধী শ্ল’গানেৰে ৰাজ্যৰ আকাশ-বতাহ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like