প্ৰসংগ- ইলেক্টৰেল বণ্ড: SBIক পুনৰ জবাবদিহি SC ৰ

তথ্য দাখিলত কৃপনালী SBIৰ!

লেক্টৰেল বণ্ড সন্দৰ্ভত সোমবাৰে পুনৰ SBIক নিৰ্দেশনা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে সোমবাৰে SBIক ইলেক্টৰেল বণ্ড সম্বন্ধীয় সকলো তথ্য আৰু বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ২১ মাৰ্চৰ বিয়লি ৫ বজাৰ আগত SBI য়ে ইলেক্টৰেল বণ্ডত থকা ক্ৰমিক নম্বৰৰ পৰা আৰম্ভ কৰি যি প্ৰতিষ্ঠানে বণ্ড ক্ৰয় কৰিছে, কাৰ পৰা ক্ৰয় কৰিছে আৰু কোন ৰাজনৈতিক দলৰ মাজত কিদৰে সম্পৰ্ক ৰক্ষা কৰা হৈছিল সকলো তথ্য ৰাজহুৱা কৰিব লাগিব।
তদুপৰি তথ্য দাখিলৰ ক্ষেত্ৰত SBI নিৰ্বাচিত হ’ব নোৱাৰিব বুলিও উচ্চতম ন্যালয়য়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। কোনবোৰ তথ্য ৰাজহুৱা কৰিব আৰু কোনবোৰ তথ্য ৰাজহুৱা নকৰিব সেই সিদ্ধান্ত ন্যায়ালয়ে গ্ৰহণ কৰিব লাগিব বুলি কৈ বিচাৰপীঠে SBIক ইলেক্টৰেল বণ্ড সম্বন্ধীয় সকলো তথ্য বিৱৰণৰ সৈতে দাখিল কৰাৰ নিৰ্দেশ দিয়ে।
ইয়াৰোপৰি নিৰ্বাচনী বণ্ড সন্দৰ্ভত উচ্চততম ন্যায়ালয়ে পৰৱৰ্তী সময়ত কোনো নিৰ্দেশনা জাৰি নকৰে আৰু SBIয়ে কোনো পৰৱৰ্তী নিৰ্দেশনাৰ অপেক্ষা কৰা অনুচিত বুলিও ৫ জনীয়া বিচাৰপীঠে স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে যোৱা মাহত নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰিছিল আৰু SBIক যোৱা পাঁচ বছৰত দিয়া অনুদানৰ বিষয়ে সকলো তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল। বিগত ১৩ মাৰ্চত SBIয়ে তথ্য দাখিল কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে SBI লৈ জাননীযোগে জনাইছিল যে নিৰ্বাচনী বণ্ডত প্ৰদান কৰা তথ্য অসম্পূৰ্ণ আছিল।

You might also like
Leave A Reply

Your email address will not be published.