সাৱধান! যি খাদ্যই কমাব পাৰে ইমিউনিটি

নিউজ ডেস্ক-

খাদ্যই আমাৰ শৰীৰত শক্তি যোগায়। শৰীৰটো সুস্থ ৰূপত ৰাখিবলৈ খাদ্যৰ ভূমিকা অন্যতম গুৰুত্বপূৰ্ণ। যাৰবাবে আমাৰ শৰীৰক প্ৰয়োজন হয় সুষম আহাৰৰ। য’ত প্ৰ’টিন,ফেট, কাৰ্ব’হাইড্ৰেট আদি সমপৰিমাণে থকাটো প্ৰয়োজনীয়। কিন্তু আহাৰ গ্ৰহণৰ সময়ত আমাৰ মনলৈ নাহে সুষম আহাৰৰ কথা। আমি সন্মুখত যি পাওঁ তাকে গ্ৰহণ কৰোঁ। মুখৰ তৃপ্তিৰ বাবে বেছি খাঁও ফাষ্ট ফুড। আহাৰৰ ৰুটিন কিছু গণ্ডগোল হ‘লেই আমাৰ ইমিউনিটি ক্ষমতা কমি যায়। কৰ’না মহামাৰীৰ এই সময়চোৱাত আমি গুৰুত্ব দিব লাগিব নিজৰ খাদ্যতালিকাত। আপুনি সুস্থ হৈ থাকিবলৈ বিচাৰিলে এতিয়াই আপোনাৰ খাদ্য তালিকাৰ পৰা বাদ দিব লাগিব ৫বিধ খাদ্য।

????অতিৰিক্ত চেনিঃ
আমি সাধাৰণতে নিতৌ চেনি ব্যৱহাৰ কৰোঁ। আলু, আটা, চাউল আদিত প্ৰাকৃতিকভাৱেই শৰ্কৰা থাকে। কিছুলোকৰ অভ্যাস আছে যে তেওঁলোকে চাহত চেনি নহ’লে খাব নোৱাৰে। বহু পৰিমাণে চেনি খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত চেনিয়ে কেৱল তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰাই নহয় বৰঞ্চ হ্ৰাস কৰে ৰোগ প্ৰতিৰোধী ক্ষমতাও। যাৰবাবেই সহজেই আক্ৰমণ কৰে বেক্টেৰিয়া অথবা ভাইৰাছে। সেয়ে বিপদ কাষ চপাৰ পূৰ্বেই ত্যাগ কৰক চেনি।

????অতিৰিক্ত নিমখঃ
প্ৰয়োজনতকৈ অধিক নিমখ খোৱাটো একেবাৰেই উচিত নহয়। বিশেষকৈ ভাত খোৱাৰ সময়চোৱাত কেঁচা নিমখ খোৱাটো একেবাৰেই উচিত নহয়। চিপচ, চানা আদিত বহু বেছি পৰিমাণে নিমখ থাকে। এই অতিৰিক্ত নিমখ আমি তৎকালেই এৰিব লাগে।

????অত্যাধিক চাহ-কফিঃ
কফি অথবা চাহত এন্টিঅক্সিডেন্ট থাকে। যি শৰীৰৰ বাবে উপকাৰী। কিন্ত অতিৰিক্ত পৰিমাণে চাহ,কফি খালে শৰীৰৰ ক্ষতি হয়। টোপনি কমি যায়। তাৰোপৰি হ্ৰাস পাই ৰোগ প্ৰতিৰোধী ক্ষমতাও। অধিকাংশ লোকে আকৌ কফিত অধিক চেনি দি খায় । যাৰবাবে মানুহৰ বৃদ্ধি পাইছে চুগাৰ।

????এলক’হলঃ
লকডাউনৰ বাবে মানুহ ঘৰতেই আৱদ্ধ হৈ পৰিছে। ঘৰতেই কৰিবলগীয়া হৈছে অফিচৰ কাম-কাজ। যাৰবাবে বিঘ্নিত হৈছে মানসিক স্বাস্থ্য। ফলত পুৰুষ-নাৰী উভয়ে আকৃষ্ট হৈছে সুৰাৰ প্ৰতি। সুৰাই মানুহৰ শৰীৰত চুগাৰৰ পৰিমাণ বঢ়াই দিয়ে, যাৰবাবে ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায়। ফলত নিউমনিয়া অথবা শ্বাসৰ সমস্যাই দেখা দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.