সাৱধান! ৫ বিধ গছ ঘৰৰ বাৰীত নলগাব

নিউজ ডেক্সঃ


গছ ৰোপন কৰাটো পৰিবেশৰ বাবে যথেষ্ট ভাল। কিন্তু সকলো গছ যিকোনো ঠাইত ৰুলে হ’ব পাৰে হিতে বিপৰীত। নিজৰ বাৰীত কি গছ ৰোৱা উচিত তাক জানি লোৱাতো অতিকে প্ৰয়োজন। বিশেষ ৫ জোপা গছ বাৰীত ৰুলে দেখা দিয়ে আৰ্থিক সংকটে।
বাস্তু শাস্ত্ৰত গছৰ গুৰুত্ব অপৰিসীম। গছৰ সৈতে জড়িত হৈ থাকে পজিটিভ এনাৰ্জি। বাৰীত বিভিন্ন ধৰণৰ গছ থাকিলে বায়ুত অক্সিজেনৰ পৰিমান যথাৰ্থত থাকে। কিন্তু আমি আজি আপোনালোকক জনাম বিশেষ ৫ জোপা গছৰ বিষয়ে,যিয়ে নিগেটিভ এনাৰ্জি প্ৰদান কৰে তথা যি আমাৰ বাবে ক্ষতিকাৰক।

????খেজুৰ গছঃ
বাৰীত কিছু লোকে খেজুৰ গছ ৰোপন কৰে। কিন্তু বাৰীত খেজুৰ গছ ৰোৱাটো মুঠেও শুভ নহয়। বাৰীৰ ভিতৰত খেজুৰ ৰুলে ঘৰৰ সদস্যই আৰ্থিক সংকটত ভূগিব পাৰে।

????তাল গছঃ
তাল গছ বাৰীত পোতা উচিত নহয়। কিয়নো এই গছৰ পৰা অশুভ শক্তি নিৰ্গত হয়। যিয়ে ঘৰৰ লোকক ক্ষতিসাধন কৰিব পাৰে। ধাৰণা কৰা হয় যে বাৰীত তালগছ থাকিলে সেই ঘৰত লক্ষ্মী দেৱী বাস নকৰে। লগতে তালগছ থাকিলে আৰ্থিক সংকটেও দেখা দিয়ে।

????তেঁতেলি গছঃ
বাস্তু শাস্ত্ৰ অনুসৰি শুভ ফল লাভ কৰিবলৈ হলে বাৰীৰ ভিতৰত কেতিয়াও তেঁতেলি গছ ৰুব নালাগে। ইয়াৰ ফলত ঘৰৰ লোকৰ মনত ঋণাত্মক চিন্তা-ভাৱনাই ক্ৰিয়া কৰে। বাৰীত তেঁতেলি গছ থাকিলে অশুভ আত্মাৰ উপস্থিতিও অনুভৱ কৰা হয় বুলি ধাৰণা কৰা হয়। স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পেলাই বুলি ধাৰণা কৰা হয় তেঁতেলি গছে।

????মদাৰ গছঃ
বাৰীত মদাৰ গছ ৰোৱাতো অত্যন্ত অশুভ। এই ধৰণৰ গছ কেৱল মুকলি ঠাইতহে ৰোপন কৰা উচিত। মদাৰ গছৰ পৰা নিৰ্গত হোৱা অশুভ শক্তিয়ে ঘৰৰ লোকক অসুস্থ কৰিব পাৰে।

????আঁহত গছঃ
কিছুলোকে আঁহত গছ ঘৰৰ বাৰীত ৰোপন কৰিবলৈ বিচাৰে। কিন্তু এনে কৰা একেবাৰেই উচিত নহয়। বাস্ত শাস্ত্ৰ অনুসৰি বাৰীত আঁহত গছ ৰুলে অশুভ কাৰকে ক্ৰিয়া কৰে। পিছফালে নিজে নিজে আঁহত গছ গজি উঠিলে তাক কাটি পেলোৱা উচিত। এই আঁহত গছ মন্দিৰত থাকিলে শুভ কিন্তু মানুহৰ বাৰীত থাকিলে অশুভ হয়।।

You might also like
Leave A Reply

Your email address will not be published.