সিধু মুছেৱালাৰ হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ!

নেচনেল ডেস্ক:

পাঞ্জাবী গায়ক সিধু মুছেৱালাৰ হত্যাকাণ্ডৰ অন্যতম মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ। পঞ্জাৱ আৰক্ষীয়ে আজাৰবাইজানত গ্ৰেপ্তাৰ কৰে মুছেৱালাৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰী শচীন বিষ্ণয়ক । ২৯ মে’ত মানছা জিলাৰ মুছা গাঁৱত মুছেৱালাক গুলীয়াই হত্যা কৰাৰ পূৰ্বে শচীন বিষ্ণয় আৰু আন এটা ষড়যন্ত্ৰকাৰী আনমোল বিষ্ণয়ে ভুৱা পাছপ’ৰ্ট লৈ ভাৰতৰ পৰা পলায়ন কৰিছিল। কাৰাগাৰত বন্দী গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ ভতিজা শচীন আৰু গোল্ডী ব্ৰাৰে প্ৰখ্যাত পাঞ্জাবী গায়কজনক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অনুমান কৰা হৈছে।

আনহাতে, আজাৰবাইজানৰ ফাজিলকাৰ পৰা অভিযুক্ত শচীনক প্ৰত্যাৰ্পণ কৰাৰ বাবে পঞ্জাৱ আৰক্ষী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। এই সপ্তাহত আদালতত দাখিল কৰা বিশেষ তদন্তকাৰী দলে (এছআইটি) ১৮৫০ পৃষ্ঠাৰ অভিযোগনামা অনুসৰি হত্যাকাণ্ডৰ এদিন পূৰ্বে মাষ্টাৰমাইণ্ড গোল্ডী ব্ৰাৰে শ্বাৰ্প শ্বুটাৰসকলক সিধু মুছেৱালাক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল । উল্লেখ্য যে, মুছেৱালাৰ হত্যাৰ এদিন পূৰ্বে চৰকাৰে গায়ক গৰাকীক প্ৰদান কৰা নিৰাপত্তাৰক্ষীৰ সংখ্যা কমাই দিছিল।।

You might also like
Leave A Reply

Your email address will not be published.