ইণ্টাৰনেচনেল ডেস্ক:
বাংলাদেশৰ সীতাকুণ্ডা অক্সিজেন প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ। ৰাজধানী ঢাকাৰ পৰা প্ৰায় ২২০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণত থিতাতে নিহত ৬ জন লোক। আনহাতে বিস্ফোৰণত আহত হয় আন কেইবাজনো লোক।বাতৰি যুগুটোৱা সময়লৈকে বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। উদ্ধাৰ কাৰ্য অব্যাহত আছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰে প্ৰকাশ।।