ব্যুৰ’ ৰিপৰ্ট-
মৰিগাঁৱৰ ভেদৌআটী গড়মাৰীত আজি সন্ধিয়া এজন লোকে সুৰাৰ ৰাগীত মাতাল হৈ নিজৰ ঘৰত অগ্নি সংযোগ কৰাৰ ফলত ঘৰটো সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। ঘটনাৰ বিবৰণী মতে, জিলা খনৰ ভেদৌআটী গড়মাৰীৰ ৰংধৰ ডেকাৰ পুত্ৰ শশীন্দ্ৰ ডেকাই মদ্যপান কৰি তেওঁৰ পত্নীৰ ওপৰত প্ৰতিদিনে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল। আজিও সন্ধিয়া শশীন্দ্ৰ ডেকাই মদ্যপান কৰি পত্নীক শাৰীৰিক ভাৱে অত্যাচাৰ চলাই ঘৰটোত কেৰাচিন ঢালি জ্বলাই দিয়াত তেওঁৰ পত্নীৰ লগতে দুই সন্তান কথমকি ৰক্ষা পৰে। শশীন্দ্ৰ ডেকাৰ ঘৰত জুই দেখি লগে লগে গাঁও খনৰ লোকে আহি জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও জুইত ঘৰটো দাউ দাউ কৈ জ্বলি যাই। পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে আহি জুই নুমুৱাবলৈ সক্ষম হয়। আনহাতে ঘৰটোত অগ্নি সংযোগ কৰি শশীন্দ্ৰ ডেকাই গাঁৱৰ মানুহৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হয়।।