সুৰ চুৰিৰ বিতৰ্কৰে বিশ্ব জুৰি চৰ্চিত অনু মালিক

এজন ইজৰাইলৰ জিমনাষ্ট, ওৰ্টেম ডোলগোপাটে সোনৰ পদক লাভ কৰে চলিত টকিঅ’ অলিম্পিকত। সোনৰ পদক জিনি ইজৰাইলী জিমনাষ্টজন মঞ্চত উঠাৰ লগে লগে অলিম্পিকৰ নিয়মানুসৰি বাজি উঠিল দেশখনৰ ৰাষ্ট্ৰীয় সংগীতৰ সুৰ। ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বাজি উঠাৰ লগে লগে নেটিজেনেও দাবী কৰে সোনৰ পদক বলিউডৰ সুৰকাৰ অনু মালিকলৈ। পিছে অনু মালিকলৈ সোনৰ পদকৰ দাবী উঠাৰ কাৰণ জানিবলৈ আপুনি কিছু বছৰ পিছুৱাই যাব লাগিব। ১৯৯৬ চনত অজয় দেৱগান অভিনীত ‘দিলজ্বলে’ ছবিৰ ‘মেৰা মুল্ক মেৰা দেশ’ গানটোৰ সুৰৰ সৈতে সাদৃশ্য ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীত ‘হাতিকাভা’ৰ সুৰৰ। নক’লেও সকলোৱে বুজি পাবলৈ দেৰি নালাগিল যে উক্ত গানটোৰ সুৰ অনু মালিকে ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীতৰ পৰা চুৰ কৰিছিল। খৱৰটো নিমিষতে চ’চিয়েল মিডিয়াৰ প্লেটফ’ৰ্মত ভাইৰেল হৈ পৰিল। সেয়েহে আমোদজনকভাবে নেটিজেনে আন এখন দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ সুৰ চুৰ কৰি নিজৰ দেশৰ চিনেমাৰ দেশপ্ৰেম মূলক গানত ব্যৱহাৰ কৰাৰ প্ৰতিভাক স্বীকৃতি দি অনু মালিকক সোনৰ পদক দিয়াৰ দাবী তুলি ব্যংগাত্মক কটাক্ষৰে চৌদিশ ওপচাই পেলাইছে।।

You might also like
Leave A Reply

Your email address will not be published.