৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ভাৰতীয় সেনাৰ ছয় গৰাকীলৈ তেওঁলোকৰ বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে দেশৰ তৃতীয় সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা শৌৰ্য চক্ৰ প্ৰদান কৰা হৈছে। তেওঁলোকৰ ভিতৰত পাঁচজনক মৰণোত্তৰভাৱে প্ৰদান কৰা হয় এই সন্মান।
শৌৰ্য চক্ৰ প্ৰদান কৰা ছয় গৰাকীৰ লগতে ১৯ গৰাকীক পৰম বিশিষ্ট সেৱা পদক (পিভিএছএম), ৩৩ গৰাকীক অতি বিশিষ্ট সেৱা পদক (এভিএছএম) আৰু ৭৭ গৰাকীক বিশিষ্ট সেৱা পদক (ভিএছএম) প্ৰদান কৰা হৈছে ।তদুপৰি ৪ গৰাকীক উত্তম যুদ্ধ সেৱা পদক (ইউৱাইএছএম), ১০ গৰাকীক যুদ্ধ সেৱা পদক (ৱাইএছএম) , ৮৪ গৰাকীক সেনা পদক (বীৰত্ব) প্ৰদানৰ লগতে বিশিষ্ট সেৱাৰ বাবে ৪০ গৰাকীক এইবেলি সেনা পদক প্ৰদান কৰা হৈছে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
৬ বীৰ সেনালৈ শৌৰ্য্য চক্ৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like