সোমবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নৰ্থ-ইষ্ট ডেস্ক:

সোমবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে অশান্ত জৰ্জৰিত মণিপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ সৈতে মিলিত হয় এক বৈঠকত । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ লগতে ৰাজ্যৰ মন্ত্ৰী, জ্যেষ্ঠ নেতা, বিষয়াসকলৰ সৈতে এক বৈঠকত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মূল্যায়ন কৰে । ভ্ৰমণৰ প্ৰথম দিনাই কেন্দ্ৰীয় ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লা, চোৰাংচোৱা ব্যুৰোৰ মুৰব্বী তপন ডেকাৰ লগতে সংশ্লিষ্ট বিষয়াসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.