IPL ২০২৩ ফাইনেলত CSK ৰ বৃহৎ জয়লাভ!

 

নিউজ ডেস্ক :

IPLৰ ফাইনেলত গুজৰাট টাইটেনছক পৰাস্ত কৰি বৃহৎ জয়লাভ চেন্নাই চুপাৰ কিংছৰ। মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছৰ পঞ্চমবাৰৰ বাবে IPLৰ খিতাপ অৰ্জন।আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত খেলা ৰোমাঞ্চকৰ ফাইনেলত চেন্নাইয়ে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছক অন্তিম বলত পৰাস্ত কৰিবলৈ সক্ষম হয়। CSKএ মুম্বাই ইণ্ডিয়ানছৰ দৰে সৰ্বাধিক ৫টা খিতাপ জয়ৰ অভিলেখ গঢ়ে। IPLৰ ফাইনেলত চেন্নাই চুপাৰ কিংছে ডাকৱৰ্থ-লুইছ নিয়মৰ অধীনত ১৫ অভাৰত জয়লাভ কৰিবলৈ ১৭১ ৰাণৰ লক্ষ্য লাভ কৰিছিল।পঞ্চমবাৰৰ বাবে চেন্নাই ছুপাৰ কিংছে IPLৰ খিতাপ দখল কৰাৰ পাছতে উৎফুল্লিত হৈ পৰে ক্ৰিকেটপ্ৰেমীসকল।
বিজয়ী দল চেন্নাই চুপাৰ কিংছে ট্ৰফীৰ লগতে পুৰস্কাৰ হিচাপে ২০ কোটি টকা লাভ কৰে আনহাতে, ৰানাৰ-আপ গুজৰাট টাইটানছে পুৰস্কাৰ হিচাপে ১২.৫ কোটি টকা লাভ কৰে ।বৰ্ষাবিঘ্নিত মেছত গুজৰাটৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ CSKৰ। CSKৰ জয়লাভৰ পাছতে উৎসৱমুখৰ পৰিৱেশ গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত৷

You might also like
Leave A Reply

Your email address will not be published.