মন্দিৰ দৰ্শন কৰি অহা ৯গৰাকী ভক্তৰ মৃত্যু, আহত ২২ গৰাকী লোক!

 

নেচনেল ডেস্ক:

ৰাজস্থানৰ ঝুনঝুন জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এখন ট্ৰেক্টৰৰ ট্ৰ’লী দ’ খাৱৈত বাগৰি ৯গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত ২২ গৰাকী লোক। জানিব পৰা মতে, ঝুনঝুনুৰ উদয়পুৰৱতী অঞ্চলৰ মনসা দেৱীৰ আশিস লৈ এখন ট্ৰেক্টৰৰ ট্ৰ’লীত ভালেসংখ্যক লোকে বিয়লি ঘৰ অভিমুখে আহি থকা অৱস্থাতে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো। ইফালে, আহতসকলক উদ্ধাৰ কৰি উদয়পুৰৱতী চিকিত্‍সালয়লৈ লৈ প্ৰেৰণ কৰা হয়। চিকিত্‍সকে জনোৱা অনুসৰি, অনাগত সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। কিয়নো, আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.