নিউজ ডেস্ক:

ৰিগাওঁ সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়িকা হিচাপে প্ৰতিনিধিত্ব কৰা তথা মৰিগাওঁ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী জোনজোনালী বৰুৱা আৰু নাই । দীৰ্ঘদিন ধৰি দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত স্বাস্থ্যৰ এক গুৰুতৰ অসুখত ভুগি চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়িকা জোনজোনালি বৰুৱা । পিছত প্ৰাক্তন বিধায়িকা গৰাকীক জি.এম.চি.এইচ.লৈ স্থানান্তৰ কৰা হৈছিল যদিও আজি পুৱা প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়িকাগৰাকীয়ে। উল্লেখযোগ্য যে মৰিগাঁও সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বিধায়িকাগৰাকী। ইয়াৰ উপৰিও জোনজোনালি বৰুৱা মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন উপ সভাপতি, মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ইত্যাদিও আছিল।বিধায়িকাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশৰ লগতে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো।

You might also like
Leave A Reply

Your email address will not be published.