নেচনেল ডেস্ক
মঙলবাৰে জম্মুত সংঘটিত হয় এক ভয়াবহ দুৰ্ঘটনা। অমৃতসৰৰ পৰা কাটৰালৈ যোৱা এখন বাছ ঝজ্জাৰ কোটলিৰ গভীৰ খাৱৈত বাগৰি পৰি ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ জন যাত্ৰী গুৰুতৰ ভাৱে আহত হয়। মাতা বৈষ্ণো দেৱী মন্দিৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। উদ্ধাৰ অভিযানত নিয়োজিত চি আৰ পি এফ বিষয়া অশোক চৌধাৰীয়ে জনোৱা অনুসৰি পুৱা দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে বাহিনীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰি আহতসকলক জম্মুৰ চৰকাৰী চিকিত্সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে যোৱা ২১ মে’ত জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত মাতা বৈষ্ণো দেৱীলৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ বাগৰি যোৱাত এগৰাকী ২৭ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ লগতে ২৪জন লোক আহত হৈছিল।।