নিউজ ডেস্ক:

সম মন্ত্ৰীসভাৰ ৰদ-বদল।দুগৰাকী কেবিনেট মন্ত্ৰীৰ সলনি কৰিলে পৰ্টফলিঅ’। বৰ্তমানৰ দায়িত্বৰ উপৰিও নতুন বিভাগ অৰ্পণ কৰা হৈছে দুই কেবিনেট মন্ত্ৰীক। মন্ত্ৰী যোগেন মহনক দায়িত্ব দিয়া হৈছে ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ। লগতে খনি আৰু খনিজ বিভাগৰো অতিৰিক্ত দায়িত্ব অৰ্পন কৰা হৈছে যোগেন মহনক। পূৰ্বে নন্দিতা গোৰ্লোছাৰ দায়িত্বত আছিল এই বিভাগ। আনহাতে নন্দিতা গাৰ্লোচাক দিয়া হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দায়িত্ব । পূৰ্বে মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল এই বিভাগ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ আনুষ্ঠানিক অধিসূচনাত নিশ্চিত কৰা হৈছে মন্ত্ৰীসভাৰ এই সালসলনি।।

You might also like
Leave A Reply

Your email address will not be published.