আজি ৩০ মে’

▶️আজি ক্ৰোৱেচিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৪৩১ চনৰ আজিৰ দিনটোতেই ফৰাচী দেশপ্ৰেমিক আৰু জাতীয় বীৰাংগনা জোৱান অব আৰ্কক ‘ডাইনী’ আখ্যা দি জীৱন্তে দাহ।
▶️১৭৪৪ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ মৃত্যু হৈছিল।
▶️১৭৭৮ চনৰ আজিৰ দিনটোতেই ফৰাচী প্ৰৱন্ধকাৰ, সাহিত্যিক, দাৰ্শনিক ভল্টেয়াৰৰ (সম্পূৰ্ণ নাম ফ্ৰাঁছোৱা মাৰি আৰুয়েট ভল্টেয়াৰ) মৃত্যু।
▶️১৯১৯ চনৰ এই দিনটোতেই জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘নাইট’ উপাধি প্ৰত্যাখ্যান।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই মাৰ্কিন চিকিৎসক ক্ৰিষ্টিন জোৰগেনছেনৰ জন্ম হৈছিল। তেৱেঁই আমেৰিকাৰ প্ৰথম পুৰুষ, যি অস্ত্ৰোপচাৰৰ দ্বাৰা পিছত নাৰীলৈ ৰূপান্তৰিত হয়।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ কবি-সাহিত্যিক বৰিছ পাষ্টেৰনাকৰ মৃত্যু।১৯৫৮ চনত যঁচা সাহিত্যৰ নোবেল বঁটা তেওঁ প্ৰত্যাখ্যান কৰিছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই ভাৰতৰ ২৫ সংখ্যক অংগৰাজ্য ৰূপে গোৱাৰ স্বীকৃতি লাভ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই বিভিন্ন দেশৰ ৰাজহুৱা স্থানত চিগাৰেট সেৱনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আইন প্ৰণয়নৰ নিৰ্দেশ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই জাপান আৰু দক্ষিণ কোৰিয়াত সপ্তম বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। এছিয়াত অনুষ্ঠিত এই প্ৰথম বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠান দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হৈছিল। ১৯৯৮ চনৰ চেম্পিয়ন ফ্ৰান্সৰ প্ৰথমখন খেলতে ছেনেগালৰ হাতত পৰাজয়।।

You might also like
Leave A Reply

Your email address will not be published.