কৰ্ণাটকত শোকাৱহ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত ২ শিশুসহ ১০ জন লোকৰ মৃত্যু

নেচনেল ডেস্ক :

ৰ্ণাটকত শোকাৱহ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত ২ শিশুসহ ১০ জন লোকৰ মৃত্যু । তিৰুমাকুডলু-নৰশীপুৰাৰ সমীপত এখন বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। মহীশূড়ৰ সমীপৰ নৰশীপুৰত সংঘটিত হয় এই দুৰ্ঘটনা । জানিব পৰা মতে, মৃত পৰিয়ালটো বাল্লাৰ বাসিন্দা। এম এম হিলছলৈ তীৰ্থযাত্ৰাৰ বাবে গৈ আছিল পৰিয়ালটো ।

ইফালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণ হিচাপে ঘোষণা কৰে ২ লাখ টকাকৈ । দুৰ্ঘটনাত আহতসকলৰ উপযুক্ত চিকিৎসা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

You might also like
Leave A Reply

Your email address will not be published.