ইছৰোৰ বৃহৎ সফলতা!

NVS-1 উপগ্ৰহৰ সফল উপস্থাপন

নিউজ ডেস্ক:

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বৃহৎ সফলতা। মহাকাশত NavIC ছিৰিজৰ অংশ ২২৩২ কিলোগ্ৰাম ওজনৰ NVS-1 উপগ্ৰহৰ সফল উপস্থাপন । শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা GSLV 12 ৰ জৰিয়তে উৎক্ষেপণ কৰে NVS-1 উপগ্ৰহটো।

দেশৰ নেভিগেচনেল ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে নেক্সট জেনেৰেচন NavIC ছিৰিজৰ প্ৰথমটো উপগ্ৰহ হৈছে NVS-1। দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ উন্নত অৱস্থান, নেভিগেচন, আৰু সময়ৰ বাবে ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে এই ব্যৱস্থাটো । স্থল, আকাশী আৰু সাগৰীয় পৰিবহণ, স্থানভিত্তিক সেৱা, সম্পদ নিৰীক্ষণ, জৰীপ আৰু ভূ-বিজ্ঞান, বৈজ্ঞানিক গৱেষণা আৰু জীৱন সুৰক্ষাৰ সতৰ্কবাণী প্ৰচাৰত ব্যৱহাৰ কৰা হব NavIC উপগ্ৰহসমূহ।

You might also like
Leave A Reply

Your email address will not be published.