স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমবাসীলৈ সুখৱৰ!

দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমবাসীলৈ সুখৱৰ! ৩ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা।গুৱাহাটীলৈ অহা-যোৱা কৰা আন্তঃৰাষ্ট্ৰীয় সেৱা চলোৱা একমাত্ৰ ড্ৰাক এয়াৰে অঞ্চলটোক ভূটানৰ পাৰো আৰু ছিংগাপুৰৰ সৈতে সংযোগ কৰিব। উল্লেখ্য যে কেন্দ্ৰৰ উড়ান আন্তঃৰাষ্ট্ৰীয় আঁচনিৰ অধীনত অসমে শীঘ্ৰেই আৰু পাঁচটা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থান লাভ কৰিব। আন্তঃৰাষ্ট্ৰীয় স্থানলৈ বিমান সেৱা ঘোষণা কৰাৰ পিছত উন্নত যাতায়তে অঞ্চলটোৰ পৰ্যটন খণ্ডটো ঠন ধৰি উঠাত সহায় কৰিব। উল্লেখ্য যে, ক’ভিড-১৯ পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা স্থগিত হৈ আছিল ।৷

You might also like
Leave A Reply

Your email address will not be published.