আজি ১৫ আগষ্ট

➡️আজি ভাৰতৰ স্বাধীনতা দিৱস।
➡️১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতে স্বাধীনতা লাভ কৰিছিল। জৱহৰলাল নেহৰুৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ।
➡️১৭৬৯ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হৈছিল।
➡️১৯৫০ চনৰ ১৫ আগষ্ট তাৰিখে অসমত প্ৰবল ভূমিকম্প হৈছিল। প্ৰায় ১,৩৫০ লোকৰ মৃত্যু হৈছিল।
➡️১৯৭৫ চনৰ এই দিনটোতে বাংলাদেশৰ সেনা বিষয়াৰ এটা দলৰ দ্বাৰা ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰা হৈছিল।
➡️১৯৮৬ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰিকাকত ‘আজিৰ অসম’ৰ প্ৰথম প্ৰকাশ। প্ৰতিষ্ঠাপক সম্পাদক আছিল ৰাধিকামোহন ভাগৱতী।
➡️১৯৮২ চনৰ ১৫ আগষ্ট তাৰিখে দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল।
➡️১৯৯৬ চনৰ এই দিনটোতে আন্দামানৰ ৰোজ আইলেণ্ডক ‘ৰাণী লক্ষ্মীবাই’ আইলেণ্ড নামেৰে নামাকৰণ কৰা হৈছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে সুকীয়া জিলা হিচাপে গুৱাহাটীৰ নাম ঘোষণা কৰা হৈছিল।
➡️২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ জনৰ মৃত্যুৰ লগতে অৰ্ধশতাধিক লোক আহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.