নিউজ ডেস্ক, এন ই ভাৰত
ডাক্তৰ,স্বাস্থ্য কৰ্মী সকলে দিনে নিশাই নিজৰ জীৱনক তুচ্ছ কৰি ক’ভিড মহামাৰীৰ সৈতে যুঁজ দি আছে । ৰাইজৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ পিছতো কিছুমান লোকৰ পৰা নানা কটু বাক্য শুনিবলগীয়া হয় আৰু শাৰিৰীক ভাৱে অপদস্তও হ’ব লগীয়া হয় । নিজৰ কৰ্তব্য পালন কৰিবলৈ যাওঁতে আনকি প্ৰাকৃতিক বাধা বিপত্তিৰো মুখামুখি হ’ব লগীয়া হয় । সদ্যহাতে এনেধনৰ প্ৰাকৃতিক বাধাকো নেওচি নিজৰ কৰ্তব্য পালন কৰিব যোৱা ফটো এখনে ইন্টাৰনেটত ভইৰেল হৈ পৰিছে । লাডাখত চাৰি জনীয়া স্বাস্থ্য কৰ্মীৰ এটা দলে আন একো বিকল্প বিছাৰি নাপায় জে চি বি এখনৰ সহায়ত ভৰা নদী পাৰ হৈ নিজৰ কৰ্তব্য পালন কৰিবলৈ যোৱা এখন ফটো ইণ্টাৰনেটত খুব চৰ্চিত হৈছে।
ফটোখন বিজেপি দলৰ যুৱ সাংসদ চেৰিং নামগ্যালে নিজৰ টুইটাৰত প্ৰকাশ কৰিছে । ভাইৰেল ফটোখনত স্বাস্থ্যকৰ্মী কেইজনৰ কৰ্তব্য নিষ্ঠাক ভূয়সী প্ৰশংসাৰে ওপচায় পেলাইছে নেটিজেনে ।।