নিউজ ডেস্ক-
ক’ভিড প্ৰট’কল মানি পৰীক্ষাৰ বাবে সাজু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।
জুলাই-আগষ্টত অনুষ্ঠিত হ’ব লগা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰাকক্ষণত পৰীক্ষা কেন্দ্ৰ সমুহলৈ পৰামৰ্শ AHSECৰ।
ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৪০০ তকৈ অধিক পৰীক্ষাৰ্থী থকা কেন্দ্ৰ সমুহক সমীপৱৰ্তী চৰকাৰী বা প্ৰাদেশীকৃত শিক্ষানুষ্ঠানক পৰীক্ষা কেন্দ্ৰৰূপে ব্যৱহাৰৰ পৰামৰ্শ।
AHSECৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব লগীয়া সমুহ পৰীক্ষা কেন্দ্ৰলৈ পত্ৰ।।