হাইটিৰ ৰাষ্ট্ৰপতিক গুলীয়াই হত্যা

ইন্টাৰনেচনেল ডেস্ক-

হাইটিৰ ৰাষ্ট্ৰপতি জেভেনেল মইছেক বুধবাৰে পুৱতি নিশা অচিনাক্ত আততায়ীয়ে হত্যা কৰে। অচিনাক্ত আততায়ীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ ঘৰত প্ৰৱেশ কৰি গুলিয়াই তেওঁক হত্যা কৰে। প্ৰাপ্ত খৱৰ মতে, ৰাষ্ট্ৰপতি গৰাকীৰ পত্নীও আক্ৰমনত আঘাটপ্ৰাপ্ত হয়। ৰাষ্ট্ৰপতি মইছেৰ হত্যাৰ ফলত কেৰিবিয়ান ৰাষ্ট্ৰখন অধিক অস্থিৰ হৈ পৰে। ইফালে, অন্তৱৰ্তী ৰাষ্ট্ৰপতি ক্লড যোচেফে দেশবাসীক শান্ত হৈ থাকিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, ২০১৮ চনতে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন বিবাদৰ বাবে বিলম্ব হোৱাৰ পিছত দৰিদ্ৰ ৰাষ্ট্ৰ হাইটিক অধিকাৰিক আদেশ (Decree)যোগে শাসন কৰিছিল জেভেনেল মইছে।।

You might also like
Leave A Reply

Your email address will not be published.