হাৰিয়ানা আৰক্ষীৰ বৃহৎ সফলতা!

হাৰিয়ানা আৰক্ষীৰ বৃহৎ সফলতা। হাৰিয়ানাৰ কৈঠাল জিলাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) । আই ই ডিটোৰ ওজন ১.১৬ কেজি আৰু ইয়াত আৰ ডি এক্স পেক কৰা আছিল। বিষ্ফোৰকখিনি এটা লোহাৰ বাকচত ৰখা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জিন্দৰ কাইঞ্চি চ’কত থকা এখন গাঁৱৰ এটা পথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে বিষ্ফোৰক সামগ্ৰীখিনি।

এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় হাৰিয়ানা আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)য়ে সোমবাৰে সন্ধিয়া সময়ত উদ্ধাৰ কৰে আই ই ডি ভৰ্তি লোহাৰ বাকছটো। পিছত অঞ্চলটো ছীল কৰি বোমা নিষ্কাষণ স্কোৱাডে বিস্ফোৰকটো নিষ্ক্ৰিয় কৰে। বিস্ফোৰক দ্ৰব্য আইনৰ অধিনত এটা গোচৰ ৰুজু কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.