হেঙেৰাবাৰীত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰী গুৱাহাটীতো তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আজি মহানগৰীৰ দিছপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই হেঙেৰাবাৰীৰ ফৰেষ্টগেট অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে।জানিব পৰা মতে ফৰেষ্টগেটৰ নামঘৰ পথৰ এটা ঘৰৰ পৰাই ধৃত ড্ৰাগছ ব্যৱসায়ীটোৱে বিষাক্ত বীজ সিঁচি স্থানীয় পৰিবেশ বিনষ্ট কৰাৰ লগতে পূৰ্বৰ পৰাই একাধিক অপৰাধজনিত ঘটনাই জড়িত আছিল। নামঘৰ পথৰ ৮ নং গৃহৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ, নগদ ধন,এখন বাইক আৰু এটা মোবাইল ফোন সহ আটক কৰা যুৱকজন স্থানীয় মুনিন্দ্ৰ চৌধুৰীৰ ২৪ বছৰীয়া পুত্ৰ ভাৰ্গব চৌধুৰী বুলি আৰক্ষী সুত্ৰই জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.