Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
১২১০ গৰাকী প্ৰাৰ্থিক প্ৰৱক্তাৰ লগতে বিভিন্ন পদত নিযুক্তি
ৰাজ্যখনৰ কাৰিকৰী শিক্ষানুষ্ঠানসমূহত বৰ্তমান সময়লৈ ৭খন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু
২৬ খন পলিটেকনিকত এতিয়ালৈ বিভাগে সৰ্বমূঠ ১২১০ গৰাকী প্ৰাৰ্থিক প্ৰৱক্তাৰ লগতে বিভিন্ন পদত নিযুক্তি প্ৰদান কৰিছে।
তাৰেই অংশস্বৰূপে আজি জনতা ভৱনৰ আই ব্লকৰ সভাকক্ষত আয়োজিত এক নিযুক্তি প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী
ডঃ ৰণোজ পেগুৰ দ্বাৰা ৫৯ জন সহকাৰী অধ্যাপক আৰু ২ গৰাকী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষক আনুষ্ঠানিক
ভাৱে নিযুক্তি প্ৰদান কৰা হয়।
অনুষ্ঠানত ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ কেৱল
পাঠ্যপুথিৰ জ্ঞান আহৰণৰ এক কেন্দ্ৰ নহয় ইয়াক আমি Innovation and Startup ৰ সংমিশ্ৰণেৰে Skilled
মানৱ সম্পদ তৈয়াৰ কৰাত ব্ৰতী হ’ব লাগিব। তেওঁ নতুনকৈ নিযুক্তিপ্ৰাপ্ত প্ৰতিগৰাকী প্ৰাৰ্থিক উদ্দেশ্য কৰি কয় যে ৰাজ্য
চৰকাৰখনে তেওঁলোকৰ ওপৰত এক গধুৰ দায়িত্ব ন্যস্ত কৰিছে আৰু সেয়েহে প্ৰতিগৰাকী প্ৰাৰ্থিয়ে আমাৰ কাৰিকৰী
Related Posts
শিক্ষানুষ্ঠানসমূহৰ মান উন্নত কৰাত আত্মনিয়োগ কৰিব লাগিব। একেই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ
Model Degree College সমূহক সামগ্ৰিক ভাৱে আগুৱাই নিয়াৰ বাবে বিভাগে অভিজ্ঞ অৱসৰপ্ৰাপ্ত
প্ৰৱক্তাসকলক এই শিক্ষানুষ্ঠানসমূহত নিয়োগ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
ইয়াৰ মূল লক্ষ্য হৈছে যে বহুবছৰৰ অভিজ্ঞতাৰে পৰিপুষ্ট অৱসৰী শিক্ষাগুৰুৰ জ্ঞান আৰু অভিজ্ঞতাক
শিক্ষানুষ্ঠানসমূহক আগুৱাই লৈ যোৱাত ব্যৱহাৰ কৰা হ’ব। উল্লেখনীয় যে এই ক্ষেত্ৰত যি সমূহ শিক্ষাগুৰুই
৬৫ বছৰৰ দেওনা পাৰ কৰিছে তেওঁলোক ইয়াৰ বাবে যোগ্য বুলি বিবেচনা কৰা নহ’ব। অৰ্থাত নতুন আৰু
পূৰণিৰ সমাহাৰেৰে Model Degree College সমূহক শিক্ষাবিভাগে আগুৱাই লৈ যোৱাত এক
ব্যৱস্থা গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে যিহেতু Industrial Revolution 5.0
আহি আমাৰ দুৱাৰত টোকৰ দিছে সেয়েহে আমি আমাৰ শিক্ষানুষ্ঠানসমূহক বহুমূখী শিক্ষাৰ এক কেন্দ্ৰ কৰি
তুলিব লাগিব। এই ক্ষেত্ৰত অনাগত দিন সমূহত আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত আৰু বিজ্ঞান শাখাৰ
ডিগ্ৰী কলেজসমূহত কাৰিকৰী শিক্ষাৰ ডিপ্লমা কোৰ্চৰ প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰা হব।
আজিৰ এই অনুষ্ঠানত শিক্ষাবিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কাৰিকৰী শিক্ষাৰ
সঞ্চালক ধ্ৰুৱজ্যোতি বৰা উপস্থিত থাকে।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like