৬ লোকক জীৱন দান দিলে ১৬ বছৰীয়া কিশোৰে

নেচনেল ডেস্ক

 

গৰাকীকৈ ব্যক্তিক নতুন জীৱন দান দি চিৰদিনলৈ চকু মুদিলে এজন ১৬ বছৰীয়া ছাত্ৰই। ছাত্ৰজনৰৰ নাম সাৰং ।কেৰেলাৰ এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল সাৰং। দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফললৈ মাত্ৰ দুদিন বাকী থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল ছাত্ৰজন। এই দুৰ্ঘটনা ইমানে ভয়াৱহ আছিল যে সাৰঙৰ মৃত্যু নিশ্চিত আছিল। সেয়েহে নিজ মৃত্যুৰ কথা জানিব পাৰি মৃত্যুৰ পূৰ্বে ছাত্ৰজনে কৰি গৈছে এক মহান কাম। যাৰ বাবে ৬গৰাকীকৈ মৃত্যুমুখী লোকে পাইছে নতুন জীৱন । সাৰঙে নিজৰ শৰীৰৰ কেইবাটাও গুৰুৰত্বপূৰ্ণ অংগ দান কৰি গৈছে । কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে জনোৱা মতে মৃত্যুৰ পূৰ্বে নিজৰ দুটা বৃক্ক, যকৃত্‍, হাৰ্ট ভাল্ব আৰু দুই কৰ্নিয়া দান কৰে সাৰঙে । এই ছাত্ৰজনৰ মহানুভৱতাক শলাগ লৈছে সমগ্ৰ কেৰেলাবাসীয়ে। ছাত্ৰজনৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে কেৰেলা চৰকাৰেও।।

You might also like
Leave A Reply

Your email address will not be published.