ৰাছিয়াৰ মিছাইল আক্ৰমণত বিধ্বস্ত বাংলাদেশী জাহাজ !

ইউক্ৰেইনত ৰাছিয়াৰ মিছাইল আক্ৰমণত বিধ্বস্ত এখন বাংলাদেশী জাহাজ। মিছাইল আক্ৰমণত নিহত জাহাজৰ এজন ক্ৰু সদস্য। প্ৰাপ্ত খৱৰ অনুসৰি, ইউক্ৰেইনৰ ওলভিয়াৰ উত্তৰ কৃষ্ণ সাগৰ বন্দৰত লংগৰ কৰা হৈছিল বাংলাদেশী জাহাজখন। ৰাছিয়াৰ নৌসেনাৰ জাহাজৰ দ্বাৰা উৎক্ষেপণ কৰা এটা মিছাইলে প্ৰচণ্ড আঘাত কৰে জাহাজখনৰ ওপৰভাগত। জাহাজখন বাংলাদেশত পঞ্জীয়ন কৰা ২০১৮ চনত নিৰ্মিত বাল্ক কেৰিয়াৰ এমভি বাংলাৰ ‘সমৃদ্ধি’ ।

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণে কৃষ্ণ সাগৰত জাহাজ আৰু নাবিকসকলৰ বাবে বৃদ্ধি কৰিছে বিপদৰ আশংকা। যোৱা সপ্তাহত আক্ৰমণ আৰম্ভ হোৱাৰে পৰা কমেও তিনিখন ব্যৱসায়িক জাহাজ ৰাছিয়াৰ গুলীবৰ্ষণত ক্ষতিগ্ৰস্ত হৈছিল বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.