ৰাছিয়াৰ ওপৰত ফেচবুকৰ নিষেধাজ্ঞা!

ৰাছিয়াৰ ওপৰত ফেচবুকৰ নিষেধাজ্ঞা। ফেচবুকে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমক ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ ওপৰত বিজ্ঞাপন চলোৱা আৰু প্লেটফৰ্ম মুদ্ৰাকৰণৰ ওপৰত আৰোপ কৰিছে নিষেধাজ্ঞা। খৱৰটো সদৰি কৰিছে চ’চিয়েল নেটৱৰ্কৰ নিৰাপত্তা নীতিৰ মুৰব্বী নাথানিয়েল গ্লিচাৰে। জনপ্ৰিয় চ’চিয়েল নেটৱৰ্ক কোম্পানীটোৱে ইউক্ৰেইনৰ পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰাৰ লগতে তেওঁলোকে তেওঁলোকৰ প্লেটফৰ্মত মানুহক সুৰক্ষা দিবলৈ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ইয়াৰ আগতে, ফেচবুকে ইউক্ৰেইনত সংঘটিত সামৰিক সংঘৰ্ষৰ প্ৰতিক্ৰিয়া স্বৰূপে স্থাপন কৰিছিল এটা বিশেষ অভিযান কেন্দ্ৰ যিয়ে মানুহক অনলাইনত নিজকে সুৰক্ষিত কৰাত সহায় কৰিবলৈ গোপনীয়তা আৰু সুৰক্ষাৰ এক অতিৰিক্ত স্তৰ প্ৰদান কৰিবলৈ তেওঁলোকৰ প্ৰ’ফাইল লক কৰিবলৈ অনুমতি দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.