ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত খচৰা প্ৰস্তাৱ!

ৰাছিয়াক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা নিলম্বিত কৰাৰ বাবে খচৰা প্ৰস্তাৱ দাখিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ জৰুৰী কালীন অধিৱেশনত দাখিল কৰিব এই খচৰা প্ৰস্তাৱ।বৃহস্পতিবাৰে ১০ বজাত পুনৰ আৰম্ভ হ’ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ জৰুৰী কালীন অধিৱেশন। খচৰা প্ৰস্তাৱত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত মানৱ অধিকাৰৰ অপব্যৱহাৰ আৰু আন্তৰ্জাতিক মানৱ আইন উলংঘনৰ অভিযোগসমূহ প্ৰতিবেদনত তালিকাভুক্ত কৰা হৈছে। এই প্ৰস্তাৱৰ ওপৰত বিবেচনা কৰা দেশবোৰৰ ভিতৰত আছিল আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন, ইউৰোপীয় ইউনিয়ন আৰু কানাডা ।

উল্লেখ্য যে, ৰাছিয়াৰ সেনা বাহিনী প্ৰত্যাহাৰ কৰাৰ পিছত কিয়েভৰ ওচৰৰ বুচা চহৰৰ ৰাজপথত সিঁচৰিত হৈ পৰি থকা মৃতদেহৰ ফটো আৰু ভিডিঅ’ই সমগ্ৰ বিশ্বক হতচকিত কৰি তুলিছে। অবশ্যে ৰাছিয়াই অসামৰিক লোকসকলক আক্ৰমণৰ লক্ষ্য কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে যুদ্ধক্ষেত্ৰৰ ফটোবোৰ নাটকীয় বুলি দাবী কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.