ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ক্ৰাইম ছিন ৰিক্ৰিয়েচন, পাঁচ অভিযুক্তই দি গ’ল শিহৰণকাৰী বৰ্ণনা…
ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড কেনেকৈ সংঘটিত হৈছিল ? ছোহৰাৰ ৱেইছ’ডং জলপ্ৰপাতৰ সমীপত সম্পন্ন হ’ল ক্ৰাইম ছিন ৰিক্ৰিয়েচন। ন ন তথ্য় আহি পৰিছে ক্ৰাইম ছিন ৰিক্ৰিয়েচনত।
ৰাজা ৰঘুবংশী হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল দুখনকৈ দা। ক্ৰাইম ছিন ৰিক্ৰিয়েচনত ৪ অভিযুক্তই কৰিছে স্বীকাৰ। ৰাজাৰ মূৰত তিনিটা ঘাপ দিছিল ৩ অভিযুক্তই। হত্যাৰ পাছত সোনম আৰু বিশালে নষ্ট কৰি পেলাইছিল ৰাজাৰ ম’বাইল। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ক্ৰাইম ছিন ৰিক্ৰিয়েচনত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। ৰাজা ৰঘুবংশী হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল দুখন দা। তদন্তকাৰী আৰক্ষীৰ দলে এখন দা উদ্ধাৰ কৰিছে যদিও এতিয়াও উদ্ধাৰ হোৱা নাই আনখন দা। হত্যাকাণ্ডত ব্যৱহাৰ কৰা চোকা অস্ত্ৰ পেলাই দিয়া স্থানো আৰক্ষীক দেখুৱাই দিলে অভিযুক্তই। ৰাজা ৰঘুবংশীক তিনিবাৰকৈ ঘপিয়াই হত্যা কৰিছিল। ৰাজাক প্ৰথমটো ঘাপ দিছিল বিশাল সিং চৌহানে, দ্বিতীয়টো ঘাপ দিছিল আনন্দ কুৰ্মীয়ে আৰু তৃতীয়টো ঘাপ দিছিল আকাশ ৰাজপুতে। আনখন দা উদ্ধাৰৰ বাবে SDRF-এ অব্যাহত ৰাখিছে অভিযান। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাত ৰাজাৰ মূৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা স্পষ্টকৈ ধৰা পৰিছে। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নাটকীয় ৰূপৰ অন্তত এই মন্তব্য কৰে ইষ্ট খাচী হিলছৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে।কটকটীয়া নিৰাপত্তাৰ মাজেৰে মঙলবাৰে সোনম ৰঘুবংশী, বিশাল সিং চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মীক লগত লৈ ছোহৰাৰ উম্বলাইৰ ৰিয়াট আৰ্লিয়াং পাৰ্কিং লটৰ ৱেইছ’ডঙত ঘটনাৰ নাটকীয় ৰূপ দিয়ে আৰক্ষীয়ে। অভিযুক্তই দুচকীয়া বাহন ৰখা পাৰ্কিংস্থলীৰ পৰা আৰম্ভ কৰিছিল ছীন ৰিক্ৰেয়চন। SITৰ দলে বিভিন্ন স্থানলৈ চাৰি অভিযুক্তক লগত লৈ দিছিল ঘটনাৰ নাটকীয় ৰূপ।এতিয়া ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ২৪দিনৰ পাছতো পোহৰলৈ অহা নাই হত্যাৰ ম’টিভ। বিবাহৰ ১২ দিন পাছতে হনীমুনৰ বাবে আহি ছোহৰাত নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশী। মেঘালয় আৰক্ষীৰ ক্ষীপ্ৰ তদন্তত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজাৰ ২ দুৰ্ভগীয়া ভাতৃ বিপিন ৰঘুবংশী আৰু শচীন ৰঘুবংশীয়ে। ইপিনে ৫ অভিযুক্তক পুনৰ মেঘালয় আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। বুধবাৰে আদালতত হাজিৰ কৰোৱা হ’ব ৰাজা হত্যাকাণ্ডৰ পাঁচ অভিযুক্তক।