‘ৰাধে’ক লৈ বিবুদ্ধিত চল্লুভাই

এন্টাৰটেইনমেন্ট ডেস্ক, এন ই ভাৰত

বলিউডৰ শেহতীয়া চলমান খান অভিনীত ছবি ‘ৰাধে’ৰ মুক্তিৰ পাছতেই নিজৰ অনুৰাগীৰ মাজতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে চল্লুভাই। চিনেমাখনক লৈ চ’ছিয়েল মিডিয়াত ব্যাপক মীমচ, ট্ৰলৰ সন্মুখীন হৈছে চলমান খান। একপ্ৰকাৰ অভিনেতাজনৰ সুদীৰ্ঘ কেৰিয়াৰত যেন দাগ লগালে ‘ৰাধে-ইয়ৰ ম’ষ্ট ৱান্টেড’ নামৰ ছবিখনে।
তীৰ্যক সমালোচনাৰ সমুখত হতাশাত ভাগি পৰাৰ উপক্ৰম হৈছে বলিউডৰ ভাইজানৰ।
এনে মানসিক পৰিস্থিতিৰ বাবেই শেহতীয়াকৈ ‘ৰাধে’ক লৈ ডুবাইৰ ভক্স চিনেমাত ব্যংগাত্মক সমালোচনা আগবঢ়োৱা KRK নামে পৰিচিত অভিনেতা কামাল আৰ খানৰ বিৰুদ্ধে মুম্বাইৰ এখন আদালতত মানহানিৰ গোচৰ তৰিছে চলমান খানে।
কিন্তু চলমানৰ গোচৰৰ পাছত টুইটাৰত বিষয়টোক লৈ অধিক সক্ৰিয় হৈ পৰিছে অভিনেতা,সমালোচক কামাল খান। তেওঁ চলমানলৈ বুলি টুইটাৰত লিখিছে,”এই গোচৰ আপোনাৰ চৰম হতাশা আৰু নিৰাশাৰ পৰিচায়ক।বেয়া পাইছে যদি আৰু সমালোচনা নকৰো।আজি মোৰ ‘ৰাধে’ৰ ইন্টাৰভেলৰ পাছৰ দৃশ্যাংশক লৈ দ্বিতীয়টো সমালোচনাৰ ভিডিঅ’ মুক্তি পাব”।।

You might also like
Leave A Reply

Your email address will not be published.