ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী সুৰেখা চিক্ৰি আৰু নাই

নেচনেল ডেস্ক, এন ই ভাৰত

তিনিবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰি আৰু নাই। আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ ৭৫ বছৰ বয়সত দেহাৱসান ঘটে প্ৰবীন অভিনেত্ৰী গৰাকীৰ।

২০২০ চনত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰে পৰাই বিগত সময়চোৱাত অসুস্থতাত ভুগি আছিল যশস্বী অভিনেত্ৰী গৰাকী।

সুৰেখা চিক্ৰীয়ে ১৯৭৮ চনত ‘কিচ্চা কুৰ্চি কা’ চলচ্চিত্ৰৰ দ্বাৰা আত্মপ্ৰকাশ কৰে। অভিনেত্ৰী গৰাকীয়ে তামাস (১৯৮৮), মাম্মো (১৯৯৫) আৰু বধাই হো (২০১৮) ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে তিনিবাৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। অভিনেত্ৰী গৰাকীৰ মৃত্যুত দেশৰ অভিনয় জগতত গভীৰ শোকৰ ছাঁ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.