নিউজ ডেস্কঃ

প্ৰাণোচ্ছল কটন। কটন বুলি কলেই যেন প্ৰাণ পাই উঠে অলেখ স্মৃতি। ১৯০১চনত অসমী আইৰ বুকুত প্ৰতিষ্ঠিত হৈছিল উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সকলোৰে হেঁপাহৰ কটন। কটনৰ আন এটা নাম দেৱদাৰু নগৰী। এই প্ৰাণোচ্ছল, যৌৱনোদ্দীপ্ত দেৱদাৰু নগৰীৰ কটনে আজি ভৰি থ’লে ১২৩ টা বসন্তত।

১৯০১ চনত ছাৰ হেনৰী ষ্টেডমেন কটনৰ তৎপৰতাত স্থাপিত কটন কলেজে (এতিয়াৰ বিশ্ববিদ্যালয়) বুকুত কঢ়িয়াই ফুৰিছে এটা শতিকাৰ ইতিহাস।প্ৰতিষ্ঠাকালত কলকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ কটন মহাবিদ্যালয় পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১১ চনত অসম চৰকাৰে কটন কলেজক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰে। ইয়াৰ পিছতে ২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি নতুন নাম দিয়ে কটন বিশ্ববিদ্যালয়।
উল্লেখ্য যে, প্ৰতিষ্ঠিত হোৱাৰ দিনৰে পৰাই এক স্ব-গৰিমাৰে কটনে আজিও জিলিকাই আছে লুইতৰ পাৰ।।

You might also like
Leave A Reply

Your email address will not be published.