নিউজ ডেস্ক :
আজি বিশ্ব চাইকেল দিৱস ৷ চাইকেল চলোৱাৰ প্ৰতি জনসচেতনতা বৃদ্ধি বাবে প্ৰতি বছৰে জুন মাহৰ ৩ তাৰিখে বিশ্বজুৰি চাইকেল দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰসংঘই ২০১৮ চনত আজিৰ দিনটোক বিশ্ব চাইকেল দিৱস ৰূপে স্বীকৃতি প্ৰদান কৰে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধ্যাপক লেচজেক চিবিলস্কীয়ে তেওঁৰ সমাজশাস্ত্ৰ বিষয়ৰ শ্ৰেণীত তৃণমূল পৰ্যায়ত বিশ্ব চাইকেল দিৱসৰ ৰাষ্ট্ৰসংঘৰ স্বীকৃতিৰ বাবে এক অভিযানৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁৰ এই অভিযানে তুৰ্কীকে ধৰি প্ৰায় ৫৬ খন দেশৰ সমৰ্থন লাভ কৰে।
পৰিবহনৰ ক্ষেত্ৰত এক সৰল, সুলভ, নিৰ্ভৰযোগ্য ব্যবস্থা হৈছে চাইকেল ,যাক সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ সৰ্বশ্ৰেষ্ঠ উপায় হিচাপে বিবেচিত কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ বাবে প্ৰশংসা কৰা হৈছিল। লগতে সুদীৰ্ঘ কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ কথা উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।
আজিৰ পাৰ প্ৰায় ২০০ বছৰ পূৰ্বে চাইকেল আবিষ্কাৰ হৈছিল আৰু ক্ৰমবিকাশৰ মাজেৰে আহি আজিৰ ৰূপ পাইছে ৷ ১৮১৭ চনত কমপটে ডি চিভাৰাক নামৰ ফ্ৰান্সৰ এজন মানুহে প্ৰথমতে কাঠৰ চাইকেল তৈয়াৰ কৰিছিল।
গুৱাহাটীৰ দুৰণ্ট স্পৰ্টছ ক্লাবেও আজি বিশ্ব চাইকেল দিৱস উদাযাপন কৰে।। বুবুল খনিকৰৰ নেতৃত্বত গঠিত হোৱা দুৰণ্ট স্পৰ্টছ ক্লাবৰ সকলো সদস্যই পুৱাই দিছপুৰ সচিবালয়ৰ সমুখত একত্ৰিত হৈ কেক কাটি দিছপুৰৰ পৰা লাচিত ঘাটলৈ চাইকেল ৰেলী উলিয়াই।।