নিউজ ডেস্ক—ৰাজ্যত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৮০৭২ গৰাকী লোক। ইয়াৰে ১৯৯৬ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ১৬গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ১২.৬২ শতাংশ।বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২৯৫৬০গৰাকী।
আনহাতে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১,৮২,৯৭০ গৰাকী । মৃত্যুমুখত পৰিছে ৪৪১ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ১৫.১৩ শতাংশ।