ভাৰতীয় মূলৰ বেৰিষ্টাৰ ছুয়েলা ব্ৰেভাৰমেন ব্ৰিটেইনৰ নতুন গৃহ সচিব। সতীৰ্থ সহকৰ্মী প্ৰীতি পেটেলৰ উত্তৰাধিকাৰীৰূপে ব্ৰিটেইনৰ নতুন গৃহ সচিব হিচাপে নিযুক্তি দিয়া হয় ছুয়েলা ব্ৰেভাৰমেনক।ব্ৰেভাৰমেনক গৃহ সচিব হিচাপে নিযুক্তি দিয়ে নৱনিযুক্ত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে। দক্ষিণ-পূব ইংলেণ্ডৰ ফেৰেহামৰ ৪২ বছৰীয়া কনজাৰ্ভেটিভ পাৰ্টিৰ সাংসদগৰাকীয়ে এই পৰ্যন্ত বৰিছ জনছন নেতৃত্বাধীন চৰকাৰখনত এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

দুটা সন্তানৰ মাতৃ ছুয়েলা ব্ৰেভাৰমেনৰ মাতৃ উমা এগৰাকী হিন্দু তামিল আৰু পিতৃ ক্ৰীষ্টি ফাৰ্নাণ্ডেজ গোৱা মূলৰ । নৱনিযুক্ত গৃহ সচিব গৰাকীৰ মাতৃ মৰিচাছৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰাৰ বিপৰীতে ১৯৬০ চনত দেউতাকে কেনিয়াৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.