অট্টালিকাৰ লিফ্ট খহি ৭ জনৰ কৰুণ মৃত্যু

নেচনেল ডেস্ক:

গুজৰাটৰ আহমেদাবাদত অঘটন। বুধবাৰে নির্মীয়মান এটা অট্টালিকাৰ লিফ্ট খহি পৰাৰ ফলত মৃত্যু হয় ৭ জন লোকৰ ৷ ‘এছপায়াৰ-২’ নামৰ নির্মীয়মান এটা অট্টালিকাৰ লিফ্টখন ভাঙি পৰাৰ সময়ত মুঠ ৮ জন লোক আছিল লিফ্টৰ ভিতৰত। মৃতদেহকেইটা চিভিল হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে।গুৰুতৰভাৱে আহত এজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় লোকে ঘটনাটো পুৱা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.