গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোয়াডৰ বৃহৎ সফলতা!

গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোয়াডৰ বৃহৎ সফলতা।বুধবাৰে গুজৰাট উপকূলৰ ওচৰত বৃহৎ পৰিমানৰ হেৰ’ইনসহ আটক ৬জন পাকিস্তানী নাগৰিকক । ভাৰতৰ উপকূলৰক্ষী আৰু গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোয়াডৰ যুটীয়া অভিযানত পাকিস্তানী নাও ‘আল তয়াছা’ৰ সৈতে ৬ জন নাগৰিক আটক কৰে। জব্দকৃত পাকিস্তানী নাওখনৰ পৰা উদ্ধাৰ প্ৰায় ২০০ কোটি টকা মূল্যৰ ৪০ কিলোগ্ৰাম হেৰ’ইন । অধিক তদন্তৰ বাবে জব্দকৃত নাওখন জাখাউলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, জব্দকৃত হেৰ’ইনখিনি গুজৰাট উপকূলৰ মাজেৰে ভাৰতলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল বুলি অনুমান কৰা হৈছে। এ টি এছ আৰু ক’ষ্ট গাৰ্ডে বিগত সময়ছোৱাতো একেধৰণৰ ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টাক বিফল কৰি আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.