নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ দিলীপ বৰুৱাৰ দেহাৱসান!

নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ দিলীপ বৰুৱাৰ দেহাৱসান।হৃদক্ৰিয়া বন্ধ হৈ মঙ্গলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ডা: বৰুৱাই ৷ মঙ্গলবাৰে নৈশ আহাৰ গ্ৰহণৰ পিছত দুটি কাঁহ মৰাৰ পিছতে চিকিৎসকজন বাগৰি পৰে৷ পিছত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকজনক মৃত বুলি ঘোষনা কৰে। ৭৬ বছৰীয়া মানব দৰদী চিকিৎসক ডাঃ দিলীপ বৰুৱাৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে নগাঁৱত ৷

নগাঁৱৰ জগন্নাথ মন্দিৰ পথৰ নিবাসী প্ৰয়াত চিকিৎসক ডাঃ বৰুৱাই ৰোগীক নিজৰ গাড়ীৰে চিকিৎসালয়ত ভৰ্তি কৰি জৰুৰী চিকিৎসা কৰাৰ দৰে কৰ্মত ব্ৰতী হৈছিল৷ দৰিদ্ৰ লোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছিল। ডা: বৰুৱাই মৃত্যুৰ সময়ত পত্নী আৰু কন্যাক এৰি থৈ গৈছে ৷ কন্যা জাৰ্মানীত থকাৰ বাবে বৃহস্পতিবাৰেহে ডাঃ বৰুৱাৰ নশ্বৰদেহ সৎকাৰ কৰা হব৷ বিশিষ্ট চিকিৎসক ডাঃ দিলীপ বৰুৱাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে বহুতো গণ্যমান্য ব্যক্তি সকলে আজি গভীৰ শোঁক প্ৰকাশ কৰিছে ৷।

You might also like
Leave A Reply

Your email address will not be published.