সোপাধৰাৰ সন্দেহত কাছাৰৰ জয়পুৰত এগৰাকী এল্ট’ চালকক গণপ্ৰহাৰ কৰাৰ লগতে উন্মত্ত যুৱকৰ দলে অগ্নিসংযোগ কৰি জ্বলাই দিলে এল্ট’ বাহনখন। যুৱকজনক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। এল্ট’ চালকজন চাহিন আহমেদ বুলি জানিব পৰা গৈছে। দেওয়ান বাগানত যাত্ৰীক নমাই থৈ উভতি অহাৰ পথত জয়পুৰ শিৱস্থানত এদল স্থানীয় উন্মত্ত যুৱকে সোপাধৰা সন্দেহত চালক চাহিন আহমেদক আটক কৰি উপৰ্যুপৰি প্ৰহাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.