সমগ্ৰ ভাৰত কঁপাই তোলা পুলৱামা আক্ৰমণৰ চতুৰ্থ বছৰ!

নেচনেল ডেস্ক:

জি প্ৰেমৰ দিন ভেলেণ্টাইন ডে’ৰ দিনাই সমগ্ৰ ভাৰত কঁপাই তোলা পুলৱামা আক্ৰমণৰ চতুৰ্থ বছৰ। পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত ২২ বছৰীয়া এটা আত্মঘাতী বোমাৰুৱে নিৰাপত্তাৰক্ষীৰ কনভয়ত বিস্ফোৰক ভৰ্তি বাহনেৰে খুন্দা মৰাৰ ফলত সংঘটিত বিস্ফোৰণত পুলৱামা জিলাত শ্বহীদ হৈছিল ৪০ জন ভাৰতীয় জোৱান। আত্মঘাতী বোমাৰুটোক জয়ছ-ই-মহম্মদৰ সক্ৰিয় সদস্য আদিল আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছিল। ভাৰতে এই আক্ৰমণৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক দোষাৰোপ কৰাৰ বিপৰীতে পাকিস্তানে এই আক্ৰমণক গৰিহণা দি ইয়াৰ সৈতে কোনো সম্পৰ্কৰ কথা অস্বীকাৰ কৰে।

পুলৱামা আক্ৰমণ কেতিয়া কেনেকৈ হ’ল?

১৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে পুৱা প্ৰায় ৩:৩০ বজাত জম্মুৰ পৰা শ্ৰীনগৰলৈ ২৫০০ৰো অধিক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া ৭৮খন বাহনৰ কনভয় ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অগ্ৰসৰ হোৱা অৱস্থাত সংঘটিত হৈছিল এই আত্মঘাটী আক্ৰমণ। উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুদিন ধৰি বন্ধ কৰি দিয়া হৈছিল ৰাষ্ট্ৰীয় ঘাইপথটো । কিন্তু সন্ধিয়া প্ৰায় ৩:১৫ বজাত আৱন্তিপোৰাৰ সমীপৰ লেথপোৰাত নিৰাপত্তাৰক্ষী কঢ়িয়াই অনা এখন বাছত বিস্ফোৰক কঢ়িয়াই অনা গাড়ীয়ে খুন্দা মাৰে। এই বিস্ফোৰণত ৭৬ নং বেটেলিয়নৰ ৪০ জন চি আৰ পি এফ জোৱান নিহত হোৱাৰ বিপৰীতে আহত হৈছিল বহু জোৱান।।

You might also like
Leave A Reply

Your email address will not be published.